সন্ধিয়া সময়ত অপুৱে পোচাক-পাতি পিন্ধি নিজৰ আৱাসৰ পৰা নাতিদূৰৰ ক্লাবৰফালে খোজ দিলে ৷ উদ্দেশ্য ক্লাবৰ টেকনিকেল ফৰামে আয়োজন কৰা বক্তৃতা সভাত যোগ দিয়া ৷ বক্তৃতাৰ নিৰ্ধাৰিত যি বিষয়বস্তু ইতিমধ্যে সকলোকে জাননীযোগে অৱগত কৰোৱা হৈছে সেই বিষয়টোৰ সবিশেষ অপুৱে বৰ বিস্তাৰিতভাবে নাজানে; সেয়ে তেওঁ কিছু উৎসুকতাৰে সভাখনলৈ ওলাল ৷ কোম্পানীৰ বিষয়াসকল আৰু পৰিয়ালবৰ্গৰ অৱসৰ বিনোদন, মনোৰঞ্জন, বিভিন্ন খেলাধূলা, আলাপ-আলোচনাৰ বাবে কোম্পানীৰ আৱাসিক অঞ্চলৰ মাজতে থকা ডাঙৰ পৰিসৰৰ ক্লাবটোত বিৰাজমান এক শৃঙ্খলিত আৰু অভিজাত পৰিৱেশ ৷ ক্লাবৰ টেকনিকেল ফৰাম শাখাই আয়োজন কৰা সভাবোৰৰ মূল উদ্দেশ্য হ’ল বিষয়াসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সকলোকে বিভিন্ন বিষয়ৰ ওপৰত সমল ব্যক্তিৰ বক্তৃতাৰ যোগেদি নানান আৱশ্যকীয় বিষয়ৰ সম্যক তথ্য জনাই জ্ঞানান্বেষনৰ এটি পৰিৱেশ সৃষ্টি কৰা ৷ সেয়ে নামটো টেকনিকেল ফৰাম হ’লেও প্ৰায়েই বক্তৃতাৰ বাবে অতি কাৰিকৰী বিষয় নলৈ সকলোৰে বাবে উপযোগী আৰু বুজিবলৈ সুবিধা হোৱা বিষয় একোটা সামৰি লোৱা হয় ৷
অডিটৰিয়ামটো পুৰুষ, মহিলা আৰু বুজন হোৱা ল’ৰা-ছোৱালীৰে ভৰি পৰাত সময়মতেই সভা আৰম্ভ হ’ল ৷ সমল ব্যক্তি গুৱাহাটীৰ পৰা অহা এহাল যুৱাবয়সৰ দম্পতী ৷ তেওঁলোকে আৰম্ভ কৰিলে বিষয়বস্তু Randonneuring-ৰ বাখ্যাৰে ৷ বাখ্যা বিস্তাৰিত হ’ল কাৰণ সেই বিষয়ে অনেকেই অপুৰ দৰেই মাথো দুই-এষাৰ পঢ়িছে বা শুনিছে কিন্তু সবিশেষ নাজানিছিল ৷
চাইকেল আৱিষ্কাৰ হোৱাৰে পৰা মানুহে এই সহজ অথচ অত্যন্ত উপযোগী বাহনবিধক নিজৰ বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে ৷ মানুহে শৈশৱৰ পৰা বয়স অলপ বঢ়াৰ লগে লগে যিটি বাহন প্ৰথমতে চলাবলৈ শিকে সেয়া প্ৰায় এশ শতাংশই হ’ল চাইকেল ৷ প্ৰথম চাইকেল চলাবলৈ শিকাটো প্ৰত্যেকৰে বাবে জীৱনত পাহৰিব নোৱাৰা এক শিহৰণকাৰী অভিজ্ঞতা ৷ ছাত্ৰাৱস্থাত চাইকেলেৰে স্কুল-কলেজলৈ যোৱা, টিউশ্ব্যনলৈ যোৱা, খেল পথাৰলৈ যোৱা, সমনীয়াৰ সৈতে অনাই-বনাই ফুৰা আৰু দায়িত্বশীল জীৱনত কাৰ্য্যালয়লৈ যোৱা, বজাৰ-সমাৰ কৰা আদি কত কিমান কামত চাইকেলখন এৰাব নোৱাৰা সহচৰ ৷ মধ্যবিত্ত আৰু চহকীসকলৰ জীৱনত চাইকেলখনৰ ঠাই আজিকালি যন্ত্ৰচালিত দুচকীয়া আৰু চাৰিচকীয়া বাহনে দখল কৰি ল’লেও নিম্ন আয়ৰ লোকসকলৰ বাবে এতিয়াও চাইকেল অপৰিহাৰ্য্য ৷ চাইকেলেৰ এতিয়াও কতজনে বিভিন্ন উদ্দেশ্যৰে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা কৰে, কোনো কোনোৱেতো পৃথিৱীৰ বিভিন্ন দেশো চাইকেলেৰে ভ্ৰমণ কৰে ৷
স্কুল-কলেজৰ বছৰেকীয়া ক্ৰীড়া সমাৰোহত চাইকেল চলোৱাৰ প্ৰতিযোগিতা এক উত্তেজনাপূৰ্ণ খেল ৷ মন্থৰ গতিত চাইকেল চলোৱাটোও এক কৌশলপূৰ্ণ খেল; এইবিধ খেলত মাটিত ভৰি নপৰাকৈ আৰু ওলোটাপিনে পেডেল নুঘূৰোৱাকৈ ভাৰসাম্য ৰক্ষা কৰি যিজন প্ৰতিযোগীয়ে সকলোতকৈ শেষত শেষসীমা পাবগৈ পাৰে তেঁৱেই বিজয়ী হয় ৷ ছাত্ৰহঁতে ঘৰৰ চাইকেল লৈয়েই এই দুবিধ খেলত ভাগ লয় ৷ নিৰ্দিষ্ট পথেৰে দৈৰ্ঘ্য দূৰত্বৰ চাইকেল চলোৱা আৰু ভেলড্ৰমত চাইকেল চলোৱা অলিম্পিকৰ স্বীকৃত প্ৰতিযোগিতা ৷ এচিয়ান গেমচ, আফ্ৰিকান গেমচ, ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আদিতো এই দুবিধ খেল অন্তৰ্ভুক্ত কৰা হয় ৷ এই খেলৰ বাবে লাগে বিশেষ চাইকেল, বিশেষ উন্নতমানৰ প্ৰশিক্ষণ আৰু কঠোৰ অনুশীলন ৷ মণিপুৰৰ ৰোনাল্ডো সিং বৰ্তমানে ভাৰতৰ এগৰাকী আগশাৰীৰ চাইক্লিং খেলুৱৈ ৷ তাৰোপৰি আছে সম্পূৰ্ণ পেচাদাৰী দুঃসাহসিক চাইকেল প্ৰতিযোগিতা; পথত নানান বিভিন্নতা আৰু বিপদসঙ্কুলতাৰে ভৰা দৈৰ্ঘ্যদূৰত্বৰ Tour de France প্ৰতিযোগিতাৰ কথা কোনে নেজানে ! এই খেলৰ বাবেও লাগে বিশেষ চাইকেল, বিশেষ কাৰিকৰী কৌশল, অদম্য সাহস আৰু শাৰিৰীক তথা মানসিক শক্তি ৷
ইমান প্ৰতিযোগিতা আৰু কঠোৰ প্ৰশিক্ষণ, নিয়মীয়া অনুশীলন আদিলৈ নগৈও চাইকেলৰ দৰে সহজ বাহনখনেৰে খেলুৱৈ নোহোৱাকৈও জানো সাধাৰণলোকে আনন্দময় আৰু প্ৰতিযোগীতাবিহীন খেলত ভাগ ল’ব নোৱাৰে ? নিশ্চয় পাৰে; Randonneuring নামৰ খেলবিধৰ উদ্ভাৱনো সেই উদ্দেশ্যেৰেই হৈছে ৷ Randonneuring অৰ্থাৎ প্ৰতিযোগীতাবিহীন দৈৰ্ঘ্য দূৰত্বৰ চাইকেল চালনাই আধুনিক কালৰ এক জনপ্ৰিয় খেল ৰূপে বিশ্বজুৰি প্ৰসাৰ লাভ কৰিছে ৷ প্ৰতিযোগীতামূলক নহ’লেও খেলবিধৰ নিয়মাৱলী আছে আৰু আঞ্চলিক, দেশীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত পৰিচালনাৰ বাবে সংস্থা আছে ৷ এই চাইকেল চালনা একক আৰু দলবদ্ধ দুয়োটা পৰ্যায়তে হয় আৰু প্ৰত্যেক অংশগ্ৰহণকাৰীৰ চালনাৰ দূৰত্বৰ তথ্য সংগ্ৰহ আৰু সংৰক্ষণৰ নিয়ম আছে ৷ একেৰাহে ৫০ কিলোমিটাৰ, ১০০ কিলোমিটাৰ, ১৫০ কিলোমিটাৰ আদি বিভিন্ন দূৰত্ব চালনা কৰি Randonneurৰ বিভিন্ন খিতাপ বা খেপ অৰ্জন কৰিব পাৰি ৷
সকলোৰে পৰিচিত সদাই ব্যৱহাৰ হোৱা সাধাৰণ চাইকেলেৰেও Randonneuring কৰিব পাৰি যদিও আধুনিক ধৰণৰ সুবিধা সম্বলিত চাইকেল ইয়াৰ বাবে বেছি উপযোগী ৷ Randonneuringৰ বাবে চাইকেল কিনোতে চালকৰ ভৰিৰ ভিতৰফালৰ দৈৰ্ঘ্যৰ জোখত মিলাকৈ কিনিলে চলাবলৈ সুবিধা হয়; খেলসামগ্ৰীৰ দোকানৰ পৰা চাইকেলখন কিনিলে সেই বিষয়ত চাইকেল বিক্ৰেতাজনৰ মতামত লোৱা উচিত ৷ চাইকেলৰ ফ্ৰেম হ’ব লাগে শক্তিশালী আৰু টায়াৰ বহল ৷ গিয়েৰ থকা চাইকেল হ’লে পথৰ ওপৰলৈ উঠা অংশত চলাই নিবলৈ সুবিধা হয় আৰু এঢলীয়া গঢ়াৰে নামোতে গতি কমাই ৰাখিবলৈ সহজ হয় ৷ ব্ৰেকো হ’ব লাগে শক্তিশালী ৷ তাৰোপৰি পানীৰ বটল নিব পৰা খলপা আৰু বাটৰ প্ৰয়োজন হোৱা ব্যক্তিগত ব্যৱহাৰৰ বাবে অত্যাৱশ্যকীয় বস্তু কেইপদমান অনায়সে লৈ যাব পৰাৰ ব্যৱস্থাও থাকিব লাগে ৷ Randonneuringৰ চাইকেল আছে বিভিন্ন দামৰ, গতিকে নিজৰ বাজেটৰ সৈতে মিলাকৈ কিনিব পাৰি; অৱশ্যে নূন্যতম দামেই আমাৰ সাধাৰণ চাইকেলতকৈ ভালেখিনি বেছি ৷ Randonneuringৰ সময়ত উপযোগী পোচাক আৰু হেলমেট, গ্লভচ্, জোতা আদি সুৰক্ষা আহিলা পিন্ধিব লাগে ৷ চাইকেল কিনোতে সেইখিনিও একেলগে কিনি ল’ব লাগে ৷ ইণ্টাৰনেটত Randonneuringৰ চাইকেল আৰু আহিলাপাতিৰ সবিশেষ অধ্যয়ন কৰি ল’লে সঠিক চাইকেল এখন কিনাত সহায়ক হয় ৷
পতি আৰু পত্নী দুয়ো সলনা-সলনিকৈ সাৱলীলভাবে কথাখিনি বুজাই গ’ল আৰু বিভিন্নজনৰ প্ৰশ্নৰো উত্তৰ দিলে ৷ তাৰপিছত দুয়োৱে বৰ্ণনা কৰিলে নিজৰ নিজৰ Randonneuringৰ অভিজ্ঞতা আৰু সেই বিৱৰণ উপভোগ্য কৰি তুলিলে প্ৰতিটো যাত্ৰাৰ সৈতে জড়িত পাৰ্শ্বকাহিনীৰ মনপৰশা বৰ্ণনাৰে ৷ তেওঁলোকে ইয়াকো বুজালে যে Randonneuringত দহবছৰমান বয়সৰ ল’ৰা-ছোৱালীৰ পৰা সুস্থ শৰীৰৰ প্ৰৌঢ়লৈকে সকলোৱেই অংশ ল’ব পাৰে আৰু Randonneuring মাথো এবিধ খেলেই নহয় ই অনেকজনক লগপোৱাৰ, নজনা কথা জনাৰ, নেদেখাক দেখাৰ, নানান অভিজ্ঞতা আহৰণৰ আৰু মনৰ দিগন্ত প্ৰসাৰিত কৰাৰো এটি সুন্দৰ আৰু সুস্থ উপায় ৷
সভাৰ শেষত ভালেকেইজন ডেকা আৰু মধ্যবয়সীয়া বিষয়া বেচ উৎসাহিত হৈ পৰিল আৰু তৎকালেই চাইকেল কিনি Randonneuring আৰম্ভ কৰিবলৈ আলোচনা কৰিলে ৷ অপুৱেও অৱসৰ বিনোদন হিচাবে Randonneuring কৰিব পাৰি নেকি চিন্তা কৰিলে ৷ কলেজৰ পৰা ওলাই চাকৰিত সোমোৱাৰ পিচত চাইকেল প্ৰায় চলোৱাই হোৱা নাই ৷ এবাৰ ভৰি ভাগি ছমাহ প্লাষ্টাৰত থকাৰ পিচত আঁঠুটো জঠৰ হৈ পৰোতে ডাক্তৰে চাইকেল চলাবলৈ পৰামৰ্শ দিয়াত আবেলি আবেলি বনকৰা ডেকাল’ৰাটোৰ চাইকেলখনকে এমাহমান চলাইছিল ; উপকাৰো পাইছিল ৷ তাৰ বহুবছৰৰ ব্যৱধানত পুত্ৰক ডাঙৰ চাইকেলখন কিনি দিয়াৰ পিচত মাজে মাজে আবেলি চলাইছিল ৷ তাৰপৰাও এতিয়া ভালেকেইবছৰ হ’ল ৷ কিন্তু সেই ঠাইত Randonneuring আৰম্ভ নকৰাই ভাল, কাৰণ চাৰিমাহৰ পিচতেই চাকৰিৰ পৰা অৱসৰ ৷ গুৱাহাটীত নিজৰ ঘৰত থানথিত লৈ পৰিস্থিতি চাইহে সিদ্ধান্ত ল’লে ভাল হ’ব বুলি অপুৱে থিৰ কৰিলে কাৰণ মনে মিলা বন্ধু দুজনমান নহ’লে Randonneuring উপভোগ্য হৈ নুঠে ৷
পাচদিনা দেওবাৰ, ৰাতিপুৱা চাহ-জলপান খাই মোনা দুখন লৈ অপু বজাৰলৈ ওলাল মাছ-পাচলি কিনিবলৈ ৷ কোম্পানীৰ শৃঙ্খলিত বজাৰত দেওবাৰে আনদিনাতকৈ বেছি বিক্ৰেতা গোট খাই বাবে সন্মুখভাগৰ পৰিৱেশ সিমান চিজিল হৈ নাথাকে ৷ পাচলিৰ দোকানীবোৰ বহা গলিটোৰ মুখতে গাঁৱৰ পৰা অহা বিক্ৰেতাসকলে তৰহ তৰহৰ বনশাক, নেমু, লাও, কল, কলডিল, আনাৰস, কমলা, ঘৰুৱা কণী আদি লৈ থেপাথেপিকৈ বহিছে ৷ সেইখিনি পাওঁতেই অপুৰ চকু গ’ল নাতিদূৰৰ চাইকেলৰ দোকানখনলৈ ৷ তাত তিনিজন চিনাকি বিষয়াক অপুৱে দেখা পালে – দুজন মধ্যবয়সীয়া আৰু এজন তৰুণ ৷ আগদিনাৰ সভাৰ পাচত উৎসাহিত হৈ তেওঁলোকে চাগে Randonneuringৰ বাবে চাইকেল কিনিবলৈ তাত সোমাইছে – অপুৱে ভাবিলে ৷ কাৰণ চাইকেলৰ দোকানখনৰ আগেৰে আন দোকানলৈ যাওঁতে আৰু এবাৰ ছোৱালীজনীৰ চাইকেলখন ঠিক কৰাবলৈ সোমাওঁতে অপুৱে দোকানখনত কণমানি শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোবয়সৰ লোকৰ বাবে উপযোগী বিভিন্ন চাইকেল তাত দেখা পাইছে ; সাধাৰণ চাইকেলৰ পৰা নানান ব্যৱস্থা থকা বিভিন্ন দামৰ চাইকেলো দোকানখনত আছে ৷
তেনেতে অপুৱে ওচৰতে মাত এটা শুনিলে –“খুৰা আহক, কমলা লওক, বাৰেকুৰিৰ কমলা ৷” চকু ঘূৰাই অপুৱে দুখন চাইকেলত দুভাৰ কমলা লৈ থিয় দি থকা ডেকাদুজনক দেখিলে ৷ দুয়োজন বৰদেউতাক আৰু খুৰাকৰ পুতেক ভাই-ককাই ৷ প্ৰতি দেওবাৰেই নগৰীয়া মানুহে বিচাৰি ফুৰা বিভিন্ন পাচলি দুয়ো একেলগে গাওঁ অঞ্চলৰ পৰা গোটাই এইখন বজাৰলৈ আনে কাৰণ বস্তুখিনি সহজেই বিক্ৰী হ্য় আৰু দামো পোৱা যায় ৷ ডিচেম্বৰ জানুৱাৰীত তেওঁলোকে আনে বাচি বাচি ভাল কমলা ৷ ব্যৱসায় বুদ্ধিৰ লগতে দুয়োৱে জানে গ্ৰাহকৰ সৈতে অমায়িকভাবে কথা পাতিবলৈ ৷ সেয়ে অপুৱে দেওবাৰৰ বজাৰত তেওঁলোকৰ পৰা কিবা নহয় কিবা এটা কিনেই আৰু লগতে দুই-এষাৰ কথাও পাতে, খবৰ-বাতৰি লয়; তেনেকৈয়ে তেওঁলোকৰ সৈতে অপুৰ সাধাৰণ চিনাকি এটা গঢ়লৈ উঠিছে ৷ অপুৱে কমলা এক ডজন কিনি ওভতোতে লৈ যাব বুলি টোপোলাটো তেওঁলোকৰ হাততে থৈ পাচলি কিনিবলৈ গ’ল ৷ বজাৰত ভিৰৰ মাজত ইজন-সিজন চিনাকি মানুহক মাতবোল লগাই পাচলি, মাছ, মাংস আদি কিনি অটাওতে এঘণ্টাৰ বেছিয়েই লাগিল ৷ ওলাই আহি কমলাৰ টোপোলাটো লওঁতে অপুৱে মন কৰিলে যে তেওঁলোকৰ কমলা আধাৰ বেছি বিক্ৰী হ’লেই ৷ টনটনাই ধৰা হাতদুখনক অলপ সকাহ দিবলৈ গধুৰ মোনাদুখন নমাই থৈ অপুৱে তেওঁলোকক এনেয়ে মাত দিলে –“তোমালোকৰ বিক্ৰী ভাল দেখোন, আধাতকৈ বেছি বিক্ৰী হ’লেই; বাকীখিনিও সোনকালেই যাব ৷”
--“বাচি বাচি অনা কমলাযে খুৰা , মানুহে ভাল পাই কিনিছে আক’ ৷”
--“কমলাখিনি ক’ৰপৰা অনা বুলি কৈছিলা ?”
--“এইকেইদিন বাৰেকুৰিৰ পৰা আনিছোঁ, দৰকাৰ হ’লে ভাল বস্তু আনিবলৈ নামচাইৰফালেও যাওঁ ৷”
--“তোমালোকৰ ঘৰ ৰূপাই চাইডিঙৰফালে নহয় জানো ?”
--“ৰূপাইৰ পৰা কাকপথাৰৰফালে পাঁচ কিলোমিটাৰমান গ’লেই আমাৰ ঘৰ ৷”
--“গাঁৱৰ পৰা ৰূপাই ডুমডুমা হৈ বাৰেকুৰিলৈ , তাৰপৰা ইয়ালৈ – ভালেখিনি দূৰ হয় দেখোন ?”
--“হয় আক’ ৷”
--“পঞ্চাশ কিলোমিটাৰমানেই হয় চাগে ; অহাই-যোৱাই দিনটোত আশী কিলোমিটাৰমানৰ কম নহ’ব !”
--“হয় চাগে তেনেকুৱাই কিবা এটা ৷”
--“নামচাইৰফালে গ’লেতো আৰু বহুত বেছি দূৰ হয় !”
--“উপাৰ্জন ভাল হ’বলৈ হ’লে সেইখিনিটো কৰিবই লাগিব খুৰা ৷”
তেওঁলোকে গ্ৰাহকৰ সৈতে অলপ ব্যস্ত হোৱাত অপুৱে চাইকেল দুখন মন কৰিলে – পুৰণা চাইকেল, যথেষ্ট পুৰণা – হয়তো দেউতাকহঁতৰে চাইকেল পুতেকহঁতে চলাইছে ৷ ৰং বিবৰ্ণ, এখনৰ মাডগাৰ্ড মামৰে ধৰি ফুটা ওলাইছে ৷ বহুসময়ৰ বহু কথাৰ সাক্ষী চাগে চাইকেল দুখন, ক্লান্ত হৈছে কিন্তু ভাৰ বৈ আছে ৷
--“আন সময়ত যে আনা পাচলিবোৰ সেয়া নিজৰ খেতিৰেনে ?”
--“ঘৰৰ লগতে থকা বাৰীৰ পৰা অলপ পাচলি আনো কিন্তু সেইখিনিৰে নহয় নহয় ৷ আগতে বন্দোৱস্ত কৰি থোৱা মানুহৰ বাৰীৰ পৰাও গোটাই আনো আক’ ঘূৰিপকি ৷”
--“দিনৌ বহুখিনি চাইকেল চলোৱা হয় দেই তোমালোকৰ ৷”
ককায়েক গ্ৰাহকৰ লগত ব্যস্ত হোৱাত ভায়েকেই উত্তৰ দিলে,
--“ই খুৰা, ইয়ালৈ দেওবাৰে দেওবাৰেহে আহোঁ , বেলেগ বেলেগ বাৰত বেলেগ বেলেগ হাটলৈ যাওঁ আক’ ৷ তিনিচুকীয়াতে যিদিনা বিকো সেইদিনা চাইকেল মৰাতো অলপ কম হয় ৷ কেতিয়াবা ইয়ালৈ অহাতকৈও বেছিহে চলাওঁ ৷”
--“ভাগৰ নালাগেনে ? মাজে মাজে আমনি নালাগেনে ?”
--“ইস্ খুৰা, ভাগৰ ধৰিলে বা আমনি লাগিলে কেনেকৈ পইচা পাম আক’ ৷”
এইবাৰ ভায়েকক দেখুৱাই ককায়েকে ক’লে –“আমাৰ ই আক’ ভাল গান গাই নহয় আৰু নানা কিচিমৰ গল্পও কয় ৷ আজি বজাৰৰ পৰা ওলালেই তাৰ নতুন গল্প আৰম্ভ হ’বই ৷ তাৰ গান আৰু কথা শুনি ভাগৰ আমনি কৰবালৈ পলায় ৷”
অপুৱে যাবলৈ বুলি মোনা দুখন হাতত লওঁতেই তেওঁলোক দুয়োজনে চাইকেল দুখন ভিৰৰ পৰা মুকলিৰফালে উলিয়াবলৈ যোজা কৰিলে ৷
অপুৱে সুধিলে –“অলপমান কমলা বাকি আছে দেখোন , যোৱাগৈ নেকি ?”
--“লোৱাই ল’লে আক’ ; এইখিনিতে আৰু সোনকালে বিক্ৰী নহ’ব, বেপাৰী কেবাজনো বহিছে নহয় ৷ সেই শইকীয়া মাৰ্কেটৰপিনে যাওঁ , তাতে থকাখিনি শেষ হ’ব ৷”
চাইকেল ঠেলি ডাঙৰজনে মাত দিলে –“যাওঁ খুৰা, অহাবাৰলৈ আকৌ ল’ব দেই আমাৰ পৰা ৷”
চাইকেল ঠেলি আগুৱাই যোৱা বাইছ-পঁচিশ বছৰীয়ামান ডেকাদুজনলৈ অপুৱে কিছুসময় চাই ৰ’ল – এই দুজন দেখোন বেচ ভাল Randonneur ৷ আৰুযে সৌ অকালতে বয়সীয়াযেন হোৱা মানুহজন চাইকেলৰ হেণ্ডেল আৰু কেৰিয়াৰত চাৰিথোক ডাঙৰ জাহাজীকল আনি বেপাৰীক বিকি থৈ এতিয়া উভতিবলৈ চাইকেলত উঠিছে, আৰু সেই পোন্ধৰবছৰীয়ামান চেমনীয়াটো মাকৰ সৈতে কোনোবা গাঁৱৰ পৰা পাচিত পাচলি লৈ চাইকেল ঠেলি ঠেলি আহি বজাৰত ঠাই অকণমান উলিয়াই লৈ বহি আছে আৰু কিছুপৰৰ পাচত আকৌ চাইকেলৰ কেৰিয়াৰত মাকক বহুৱাই ঘৰলৈ উভতি যাব – এওঁলোক প্ৰত্যেকেই দিনৌ চাইকেল চলাইছে কিলোমিটাৰৰ পিচত কিলোমিটাৰ জীৱন জীয়াই থকাত তাড়নাত ৷ তেওঁলোকৰ দৈৰ্ঘ্য দূৰত্ব চাইকেল চালনাত নাই কোনো সংস্থাৰ চীল-মোহৰ, নাই কোনো আমোদজনক খেলৰ ৰেশ, নাই কোনো অৱসৰ বিনোদনৰ অৱকাশ ৷ তৎসত্বেও তেওঁলোক একো একোজন Randonneur, জীৱন যুঁজৰ অক্লান্ত Randonneur.